বিহু অসমৰ জাতীয় উৎসৱ


বিহু অসমীয়াৰ এটা ঘাই জাতীয় উৎসৱ ।  সংস্কৃত  'বিষুৱ' শব্দৰ পৰাই বিহু শব্দ ওলোৱা যেন অনুমান হয়।   বিষুৱ শব্দৰ অর্থ দিন-ৰাতি সমান হোৱা ;  অর্থাৎ সূর্য যেতিয়া দিন-ৰাতি সমান হোৱা পৃথিবীৰ ওপৰৰ কাল্পনিক ৰেখাৰ ভিতৰলৈ সোমায় সেই সময়ক বিহু বুলি কব পাৰি ।  তেনে সময় দুবাৰ হয়  ।  সূর্য যেতিয়া মেঘ আৰু তুলা ৰাশিত প্রৱেশ কৰে, অর্থাৎ চ'ত আৰু আহিনৰ শেষৰ দিন, তেতিয়া ক্রমে বহাগ বিহু  আৰু কাতি বিহু হয়  ।  সূর্য মকৰ ৰাশিলৈ অহাৰ সময়ক মাঘ বিহু  কোৱা হয়  ।
বিহু তিনিটা, বিহুৰ সময়ত  অসমীয়া মানুহৰ আনন্দৰ পাৰ নাইকিয়া হৈ পৰে  ।  বিহু তিনিটাৰ সময় আৰু অৱস্হা চাই আকৌ বেলেগ বেলেগ নাম আছে  ।




কাতি বিহু / কঙালী বিহু



কাতি বিহুক কঙালী বিহু বোলা হয়  ।  কাৰণ এই সময়ত মানুহৰ সাধাৰণতে খোৱা বস্তুৰ অভাৱ হৈ পৰে  ।  নতুন ধান ওলাৱাৰ সময় নহয়,  পুৰনি ধানো শেষ হয়  । গতিকে এই বিহুক কঙালী বিহু অর্থাৎ দুখীয়া বিহু বোলা হয়  ।  ইয়াত খোৱা-লোৱাৰ কোনো ধুমধাম নাথাকে  ।  গধূলী ধাননি পথাৰ, ভঁৰাল তুলসীগুৰিত শৰাই-চাকি দিয়া হয়  ।  নতুনকৈ তুলসী পুলি ৰোৱা হয় ।  সেইদিনাৰ পৰা গোটেই কাতি মাহটোত তুলসীগুৰিত চাকি দিয়া হয়  ।  বহুতে আকাশ-বন্তিও দিয়ে।

মাঘ বিহু / ভোগালী বিহু


মাঘ বিহুক ভোগালী বিহু বোলা হয়।  আঘোণ পুহ মাহৰ ভিতৰত খেতিয়কসকলে খেতি চপাই লয় ।  নতুন ধান, মাহ, তিল আদি ওলায় ।  গতিকে ঘৰে ঘৰে চিৰা পিঠা, কৰাই  আদি  কৰে‌  আৰু  অতি আনন্দেৰে খোৱা লোৱা কৰে  ।  বন্ধু-বান্ধৱকো মাতি খুৱায়  ।  এই সময়ত মানুহৰ বেমাৰ পাতিও অতি কম, ভোকো বেছি,  খাবলৈ ইচ্ছাও থাকে যথেষ্ট  ।   খেতিয়কসকলে অতি কষ্ট  কৰি  খেতি-বাতি কৰি তাক চপাই  লৈ মনৰ  আনন্দেৰে জিৰণি লয়  ।  গতিকে এই বিহুক ভোগালী বিহু  বুলি সমীচীন হৈছে ।  এই বিহুৰ আগদিনা খনক উৰুকা বোলা হয়  ।   উৰুকাৰ দিনাখন ৰাতি ল'ৰা ডেকাবোৰে মেজি সাজি লৈ তাৰ ওচৰতে ভোজভাত খোৱাৰ দিহা কৰে আৰু নাম-কীৰ্তন কৰি ঢোল-খোল বজাই নানা আনন্দ কৰে ।  ওৰে ৰাতি এই দৰে জাগৰণে থাকি ৰাতিপুৱাৰ   লগে লগে গা-পা ধুই মেজিত জুই জ্বলায় আৰু মেজিৰ গুৰিত শৰাই আদি দি নাম কীৰ্তন কৰে  ।  মাহ, চাউল, তিল আদি জুইত দি `অগ্নিপূজা` কৰে । ইয়াৰ পাছত ঘৰলৈ আদি আকৌ গা-পা ভালদৰে ধুই-মেলি পিতৃ-মাতৃ আদি গুৰুজনসকলক যথোযোগ্য সেৱা-সৎকাৰ কৰি জা-জলপান খাই  উঠি খেল-ধেমালি আদি কৰি মহা আনন্দেৰে কটায়  ।


বিহু অসমৰ জাতীয় উৎসৱ BIHU (Assamese language)

বহাগ বিহু / ৰঙালী বিহু


বহাগৰ বিহুক ৰঙালী বিহু বোলা হয়  ।  চ'ত-বহাগ মাহ বসন্ত কাল  ।  এই স্বয়ং প্ৰকৃতিয়েও মহা আনন্দত আত্মহাৰা হয় আৰু নিজৰ সৌন্দৰ্য-সঁফুৰা মেলি দি জগতক মুগ্ধ কৰে ।  গছে গছে নতুন কুমলীয়া পাত,  কুঞ্জে কুঞ্জে নানা জাতিষ্কাৰ  ফুল, ফুলৰ থোপাই গুণ গুণ শব্দৰে ভোমোৰা, গছৰ ডালে ডালে কুলি-কেতেকীৰ সুললিত ধ্বনি আদি প্ৰকৃতিৰ নানা সৌন্দৰ্য ৰাশিৰ  মাজতে মানুহেও নিজক পাহৰি যায়, আনন্দত মতলীয়া হৈ পৰে  ।  এতিয়াৰ যুগতে নহয়, কেৱল অসমতেঢ নহয়, অতি প্ৰাচীন কালৰে পৰা গোটেই আৰ্য সকলৰ মাজতে `বসন্তোৎসৱ` নামৰে উৎপল চলি আহিছে  ।  আমি অসমীয়া সকলে এই ঋতুৰাজ বসন্ত কালতে হোৱা এই বহাগ বিহুৰ নাম ৰঙালী বোলা  যুক্তিযুক্ত হৈছে ।  এই বিহুত খোৱা - মেলাতকৈ ৰং - ধেমালিহে  বেছি ।  বিহুৰ আগদিনা গৰখীয়া লৰাবোৰ দীঘলতী, মাখিয়তী আদি গছ বিচাৰে আনে  ।  বিহুৰ দিনা পুৱাই লাউ, বেঙেনা আদি গোটাই তাৰে মালা তৈয়াৰ কৰে  আৰু নিজৰ নিজৰ ঘৰৰ গৰুৰ শিঙত তেল দি আৰু ঘেঁহুৰ ফোট দি লাউ-বেঙেনাৰ মালা পিন্ধাই দীঘলতীৰে কোবাই গা ধুৱায়  ।  সেই দৃশ্য দেখিবলৈ অতি মনোৰম ।  গৰু ধুওৱাৰ পাছত গৰখীয়াৰ  হাতত থকা লাউ-বেঙেনাৰ  মালা পৰস্পৰে সালসলনি কৰে আৰু গৰু মেলি ঘৰাঘৰি গুচি যায়  ।  গা পা ধুই উঠি  মন্যজনক সেৱা সৎকাৰ কৰি খোৱা লোৱা কৰে ।  তাৰ পাছত আবেলিত নানা খেল ধেমালি কৰি কটায় ।  গধূলি গৰু ঘৰলৈ আহিলে নতুন পঘা দিয়ে  ।  ৰঙালী বিহু কেইবাদিনো থাকে যদিও প্ৰধানকৈ দুদিন হয়  ।  প্ৰথম দিন গৰু বিহু, দ্বিতীয় দিন মানুহ বিহু  ।  এই বিহুত মানুহে নতুন কাপোৰ লয়  ।
বিহুৰ ভিতৰত হোৱা খেল ধেমালিৰ ভিতৰত ম'হ যুঁজ, কুকুৰা যুঁজ, মাল যুঁজ, কণী যুঁজ আৰু ঘৰৰ বাহিৰত আৰু ভিতৰত হোৱা নানা খেল আৰু বিহুনৃত্য আদিয়ে প্ৰধান  । আমাৰ এই বিহু অনুষ্ঠানত আদৰ্শমূলক আৰু শিক্ষামূলক কথা বহুতো আছে  ।  বিহুৰ সময়ত গাঁৱলীয়া নামঘৰ বিলাকত গাঁৱলীয়া ৰাইজ মিলি ঐকান্তিকভাৱে ভগৱানৰ নাম কীৰ্তন কৰে  আৰু মাহ চাউল খায়  ।  ইয়াতে সমাজৰ বান্ধ কঠিন হয়  ।  সকলোৱে একে পৰিয়ালৰ মানুহ স্বৰূপে বাস কৰিবলৈ  শিক্ষা লাভ কৰা হয়  ।  মাননীয়জনক মান কৰিবলৈ শিক্ষা দিয়াও এক উদেশ্য, কাৰণ বিহুৰ সময়ত গা-পা  ধুই সকলোৱে নিজৰ ঘৰৰ আৰু ওচৰ চুবুৰীয়াৰ মানুহজনক সেৱা সৎকাৰ কৰিহে জা - জলপান খায়  ।
আমাৰ এই কৰ্মবহুল জীৱনত সদাই নিৰানন্দ আৰু কেৱল কৰ্মচিন্তাহে ঠাই পালে সি‌ আমাৰ জীৱনকাল চুটি কৰে  । গতিকে আমাৰ এই জ্বালা-যন্ত্ৰণাময় জীৱনত এই সাময়িক আনন্দ বিলাকে আমাৰ মনলৈ অপাৰ আনন্দ আনি আমাৰ জীৱন দীঘলীয়া আৰু শান্তিপূৰ্ণ কৰি তোলে  ।