বিহু অসমৰ জাতীয় উৎসৱ
বিহু অসমীয়াৰ এটা ঘাই জাতীয় উৎসৱ । সংস্কৃত 'বিষুৱ' শব্দৰ পৰাই বিহু শব্দ ওলোৱা যেন অনুমান হয়। বিষুৱ শব্দৰ অর্থ দিন-ৰাতি সমান হোৱা ; অর্থাৎ সূর্য যেতিয়া দিন-ৰাতি সমান হোৱা পৃথিবীৰ ওপৰৰ কাল্পনিক ৰেখাৰ ভিতৰলৈ সোমায় সেই সময়ক বিহু বুলি কব পাৰি । তেনে সময় দুবাৰ হয় । সূর্য যেতিয়া মেঘ আৰু তুলা ৰাশিত প্রৱেশ কৰে, অর্থাৎ চ'ত আৰু আহিনৰ শেষৰ দিন, তেতিয়া ক্রমে বহাগ বিহু আৰু কাতি বিহু হয় । সূর্য মকৰ ৰাশিলৈ অহাৰ সময়ক মাঘ বিহু কোৱা হয় ।
বিহু তিনিটা, বিহুৰ সময়ত অসমীয়া মানুহৰ আনন্দৰ পাৰ নাইকিয়া হৈ পৰে । বিহু তিনিটাৰ সময় আৰু অৱস্হা চাই আকৌ বেলেগ বেলেগ নাম আছে ।
কাতি বিহু / কঙালী বিহু
কাতি বিহুক কঙালী বিহু বোলা হয় । কাৰণ এই সময়ত মানুহৰ সাধাৰণতে খোৱা বস্তুৰ অভাৱ হৈ পৰে । নতুন ধান ওলাৱাৰ সময় নহয়, পুৰনি ধানো শেষ হয় । গতিকে এই বিহুক কঙালী বিহু অর্থাৎ দুখীয়া বিহু বোলা হয় । ইয়াত খোৱা-লোৱাৰ কোনো ধুমধাম নাথাকে । গধূলী ধাননি পথাৰ, ভঁৰাল তুলসীগুৰিত শৰাই-চাকি দিয়া হয় । নতুনকৈ তুলসী পুলি ৰোৱা হয় । সেইদিনাৰ পৰা গোটেই কাতি মাহটোত তুলসীগুৰিত চাকি দিয়া হয় । বহুতে আকাশ-বন্তিও দিয়ে।
মাঘ বিহু / ভোগালী বিহু
মাঘ বিহুক ভোগালী বিহু বোলা হয়। আঘোণ পুহ মাহৰ ভিতৰত খেতিয়কসকলে খেতি চপাই লয় । নতুন ধান, মাহ, তিল আদি ওলায় । গতিকে ঘৰে ঘৰে চিৰা পিঠা, কৰাই আদি কৰে আৰু অতি আনন্দেৰে খোৱা লোৱা কৰে । বন্ধু-বান্ধৱকো মাতি খুৱায় । এই সময়ত মানুহৰ বেমাৰ পাতিও অতি কম, ভোকো বেছি, খাবলৈ ইচ্ছাও থাকে যথেষ্ট । খেতিয়কসকলে অতি কষ্ট কৰি খেতি-বাতি কৰি তাক চপাই লৈ মনৰ আনন্দেৰে জিৰণি লয় । গতিকে এই বিহুক ভোগালী বিহু বুলি সমীচীন হৈছে । এই বিহুৰ আগদিনা খনক উৰুকা বোলা হয় । উৰুকাৰ দিনাখন ৰাতি ল'ৰা ডেকাবোৰে মেজি সাজি লৈ তাৰ ওচৰতে ভোজভাত খোৱাৰ দিহা কৰে আৰু নাম-কীৰ্তন কৰি ঢোল-খোল বজাই নানা আনন্দ কৰে । ওৰে ৰাতি এই দৰে জাগৰণে থাকি ৰাতিপুৱাৰ লগে লগে গা-পা ধুই মেজিত জুই জ্বলায় আৰু মেজিৰ গুৰিত শৰাই আদি দি নাম কীৰ্তন কৰে । মাহ, চাউল, তিল আদি জুইত দি `অগ্নিপূজা` কৰে । ইয়াৰ পাছত ঘৰলৈ আদি আকৌ গা-পা ভালদৰে ধুই-মেলি পিতৃ-মাতৃ আদি গুৰুজনসকলক যথোযোগ্য সেৱা-সৎকাৰ কৰি জা-জলপান খাই উঠি খেল-ধেমালি আদি কৰি মহা আনন্দেৰে কটায় ।
বহাগ বিহু / ৰঙালী বিহু
বহাগৰ বিহুক ৰঙালী বিহু বোলা হয় । চ'ত-বহাগ মাহ বসন্ত কাল । এই স্বয়ং প্ৰকৃতিয়েও মহা আনন্দত আত্মহাৰা হয় আৰু নিজৰ সৌন্দৰ্য-সঁফুৰা মেলি দি জগতক মুগ্ধ কৰে । গছে গছে নতুন কুমলীয়া পাত, কুঞ্জে কুঞ্জে নানা জাতিষ্কাৰ ফুল, ফুলৰ থোপাই গুণ গুণ শব্দৰে ভোমোৰা, গছৰ ডালে ডালে কুলি-কেতেকীৰ সুললিত ধ্বনি আদি প্ৰকৃতিৰ নানা সৌন্দৰ্য ৰাশিৰ মাজতে মানুহেও নিজক পাহৰি যায়, আনন্দত মতলীয়া হৈ পৰে । এতিয়াৰ যুগতে নহয়, কেৱল অসমতেঢ নহয়, অতি প্ৰাচীন কালৰে পৰা গোটেই আৰ্য সকলৰ মাজতে `বসন্তোৎসৱ` নামৰে উৎপল চলি আহিছে । আমি অসমীয়া সকলে এই ঋতুৰাজ বসন্ত কালতে হোৱা এই বহাগ বিহুৰ নাম ৰঙালী বোলা যুক্তিযুক্ত হৈছে । এই বিহুত খোৱা - মেলাতকৈ ৰং - ধেমালিহে বেছি । বিহুৰ আগদিনা গৰখীয়া লৰাবোৰ দীঘলতী, মাখিয়তী আদি গছ বিচাৰে আনে । বিহুৰ দিনা পুৱাই লাউ, বেঙেনা আদি গোটাই তাৰে মালা তৈয়াৰ কৰে আৰু নিজৰ নিজৰ ঘৰৰ গৰুৰ শিঙত তেল দি আৰু ঘেঁহুৰ ফোট দি লাউ-বেঙেনাৰ মালা পিন্ধাই দীঘলতীৰে কোবাই গা ধুৱায় । সেই দৃশ্য দেখিবলৈ অতি মনোৰম । গৰু ধুওৱাৰ পাছত গৰখীয়াৰ হাতত থকা লাউ-বেঙেনাৰ মালা পৰস্পৰে সালসলনি কৰে আৰু গৰু মেলি ঘৰাঘৰি গুচি যায় । গা পা ধুই উঠি মন্যজনক সেৱা সৎকাৰ কৰি খোৱা লোৱা কৰে । তাৰ পাছত আবেলিত নানা খেল ধেমালি কৰি কটায় । গধূলি গৰু ঘৰলৈ আহিলে নতুন পঘা দিয়ে । ৰঙালী বিহু কেইবাদিনো থাকে যদিও প্ৰধানকৈ দুদিন হয় । প্ৰথম দিন গৰু বিহু, দ্বিতীয় দিন মানুহ বিহু । এই বিহুত মানুহে নতুন কাপোৰ লয় ।
বিহুৰ ভিতৰত হোৱা খেল ধেমালিৰ ভিতৰত ম'হ যুঁজ, কুকুৰা যুঁজ, মাল যুঁজ, কণী যুঁজ আৰু ঘৰৰ বাহিৰত আৰু ভিতৰত হোৱা নানা খেল আৰু বিহুনৃত্য আদিয়ে প্ৰধান । আমাৰ এই বিহু অনুষ্ঠানত আদৰ্শমূলক আৰু শিক্ষামূলক কথা বহুতো আছে । বিহুৰ সময়ত গাঁৱলীয়া নামঘৰ বিলাকত গাঁৱলীয়া ৰাইজ মিলি ঐকান্তিকভাৱে ভগৱানৰ নাম কীৰ্তন কৰে আৰু মাহ চাউল খায় । ইয়াতে সমাজৰ বান্ধ কঠিন হয় । সকলোৱে একে পৰিয়ালৰ মানুহ স্বৰূপে বাস কৰিবলৈ শিক্ষা লাভ কৰা হয় । মাননীয়জনক মান কৰিবলৈ শিক্ষা দিয়াও এক উদেশ্য, কাৰণ বিহুৰ সময়ত গা-পা ধুই সকলোৱে নিজৰ ঘৰৰ আৰু ওচৰ চুবুৰীয়াৰ মানুহজনক সেৱা সৎকাৰ কৰিহে জা - জলপান খায় ।
আমাৰ এই কৰ্মবহুল জীৱনত সদাই নিৰানন্দ আৰু কেৱল কৰ্মচিন্তাহে ঠাই পালে সি আমাৰ জীৱনকাল চুটি কৰে । গতিকে আমাৰ এই জ্বালা-যন্ত্ৰণাময় জীৱনত এই সাময়িক আনন্দ বিলাকে আমাৰ মনলৈ অপাৰ আনন্দ আনি আমাৰ জীৱন দীঘলীয়া আৰু শান্তিপূৰ্ণ কৰি তোলে ।
0 Comments