দুৰ্গাপূজা
দুৰ্গাপূজা হিন্দু সকলৰ এটা ডাঙৰ উৎসৱ । দুৰ্গাপূজাক যদিও বঙালী হিন্দুসকলৰহে প্ৰধান উৎসৱ বুলি কোৱা হয়, কিন্তু অসমীয়া হিন্দুৰ মাজতো ইয়াৰ আনন্দোৎসৱ কম নহয় । অসমীয়া হিন্দুৰ মাজতো এই উৎসৱ প্ৰায় সকলো ঠাইতে হয়।
বছৰৰ ছয় ঋতুৰ ভিতৰত যি দুটা অতি উৎকৃষ্ট ঋতু সেই দুয়োটি ঋতুত এই দুৰ্গাপূজা কৰা হয় ।শৰৎকালত (আহিন-কাতি মাহ) যি দুৰ্গাপূজা কৰা হয় তাক শাৰদীয় দুৰ্গাপূজা কোৱা হয় আৰু বছন্তকালত (চত- বহাগ মাহত ) যি দুৰ্গাপূজা কৰা হয় তাক বাসন্তীপূজা কোৱা হয় । আমাৰ ইয়াত শাৰদীয় দুৰ্গাপূজাৰ প্ৰচলনেই বেছি ; বাসন্তী পূজা কম ঠাইতহে কৰে । কিন্তু বাসন্তী পূজা বেছি আগৰেপৰা চলি আহিছে । শ্ৰিৰামচন্দ্ৰই ৰাবণ নিধন কৰিবলৈ এই দুৰ্গাদেৱীৰ পূজা কৰিছিল , তাৰপিছত ৰাৱণে শাৰদীয় দুৰ্গাপূজা কৰিছিল ৰামক হেৰুওৱাৰ কাৰণে ।
কিন্তু মূল বাল্মিকী ৰামায়নত এই কথা লিখা নাই । গতিকে এই কথা কিমাখিনি সত্য জনা নাযায় । আহিন মাহৰ কৃষ্ণপক্ষক প্ৰেতপক্ষ বোলা হয় । তাৰ পাছৰ শুক্লপক্ষটোক দেৱীপক্ষ বোলা হয় । কেতিয়াবা ই কাতি মাহত পৰেগৈ । এই দেৱীপক্ষত শাৰদীয় দুৰ্গাপূজা অনুষ্ঠিত হয় । কোনো ঠাইত শুক্লা প্ৰতিপদৰ দিনৰেপৰা পূজা আৰম্ভ কৰে । কিন্তু আমাৰ ইয়াত শুক্লা ষষ্ঠীৰ দিনাখনহে বিল্ববোধন কৰি সপ্তমী, অষ্টমী আৰু নৱমী এই তিনি দিন ঘাই পূজা কৰি দশমীৰ দিনা দেৱীক বিৰ্সজন দিয়ে । গতিকে মুঠতে পূজা পাঁচ দিন বুলি ধৰা হয় ।
দুৰ্গাপূজা নানা শক্তিৰ উপাসনা । দশোদিশৰ অমংগল নাশ কৰিবৰ কাৰণে দশভূজা দুৰ্গাদেৱীৰ মহাশক্তি প্ৰতীক স্বৰূপ । তেওঁৰ সোঁফালে ধনাধিষ্ঠাত্ৰী ভাজ্ঞাৰূপিনী লখিদেৱী আৰু সৰ্বসিদ্ধিদাতা গণেশ, বাওঁফালে বিদ্যাৰ অধিষ্ঠাত্ৰী কল্যাণময়ী শুভ্ৰবসনা সৰস্বতী দেৱী আৰু বলৰূপী কাৰ্তিকেয় । এই কাৰ্তিকেয় দেৱতাসকলৰ সেনাপতি বোলা হয় । এওঁৰ জন্মও এক অপূৰ্ব ৰহস্যময় । দুৰ্গাদেৱীৰ এখন ভৰিয়ে তেওঁৰ বলশালী বাহন সিংহক দমন কৰি ৰাখি, আনখনৰে মহা অসুৰ মহিষাসুৰক দমন কৰি নিধন কৰিবলৈ মহাস্ত্ৰ ত্ৰিশূল বুকুত বহুৱাই জগতৰপৰা আসুৰীয় শক্তি বিলোপ কৰিছে । ইমানবোৰ শক্তিৰ উপাসনা একে ঠাইতে কৰি হিন্দুসকলে নিজকে ধন্য মানে আৰু পৰম আনন্দ লাভ কৰে ।
শুক্লা ষষ্ঠীৰ দিনা গধূলি বেলগছৰ তলত পূজাৰীয়ে দেৱীৰ বোধন কাৰ্য সমাধা কৰি আৱাহন-অধিবাস আদি কৰে । তাৰ পাছত ৭ মী, ৮ মী আৰু ৯ মী তিথিত পূজাৰ আৱশ্যকীয় নানাবিধ বস্তুৰে দেৱীৰ পূজা - হোম আদি কৰে আৰু ১০ মী তিথিত দেৱীক বিৰ্সজন দিয়ে । ইয়াকে বিজয়া দশমী বোলে । ৮ মীৰ সেষভাগ আৰু ৯ মীৰ আদিভাগতে 'সন্ধিপূজা' নামৰে এক বিশেষ পূজা সম্পন্ন কৰে । কোনো ঠাইত ম'হ ছাগলী আদি বলি দিয়ে । কিন্তু আজিকালি প্ৰায় ঠাইতে জীৱ বলিহীন পূজা কৰা হয় ।
পূজাৰ কেইদিন পূজা হোৱা ঠাইত মেলা হয় । দোকান পোহৰ বহে আৰু মানুহে আৱশ্যকীয় বস্তু কিনা বেচা কৰে । দিন ৰতিয়ে ওজাপালি, ঢুলীয়া, ভাওনা, যাত্ৰাপাৰ্টী, থিয়েতাৰ আদি নানা আমোদ প্ৰমোদ হৈ থাকে । মুঠৰ ওপৰত এইকেইদিন অতি আনন্দেৰে কটায় । দুৰৈৰপৰা পূজা মণ্ডপত চলি থকা শঙ্খ, ঘণ্টা, ডবা, কাঁহ প্ৰভৃতিৰ ধ্বনি, ধূপ ধুনা আৰু হোমৰ গোন্ধে মানুহৰ মনলৈ এক স্বৰ্গীয় প্ৰৱিত্ৰতা আনে ।
বিজয়াৰ দিনাখন দেবিমূৰ্তি পানীত বিৰ্সজন দি অহাৰ পিছত মানুহৰ মনলৈ নিৰানন্দ আহে । দেৱী প্ৰতিমা বিৰ্সজন দিয়াৰ লগে লগে মানুহৰ হিংসা, দ্বেষ, কপটতা প্ৰভৃতি আবৰ্জনাবোৰ দলিয়াই পেলাই সকলোৱে ভ্ৰাতৃত্বৰ ভাবেৰে নিজৰে ঘৰলৈ ঘূৰি আহে । এই জাতীয় উৎসৱ বিলাকে সামাজিক, নৈতিক, আধ্যাত্মিক সকলো প্ৰকাৰে মানুহক উন্নত কৰে ।
0 Comments