অসমৰ চাহ শিল্প

বৰ্তমান ভাৰতৰ ভিতৰত আটইতকৈ বেছি পৰিমাণৰ চাহ অসমত উৎপাদন হয় । অসমৰ চাহ উৎপাদনৰ পৰিমাণ ভাৰতৰ চাহ উৎপাদনৰ ৫৪ শতাংশ বুলি জনা যায় । অসমত বৰ্তমান সৰু - ডাঙৰ প্ৰায় ৮০০ খন চাহ বাগিচা আছে । ইয়াৰ ভিতৰত উজনি অসমৰ শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাত ২৭৬ খন চাহ বাগিচা আছে । ১৯৮৭-৮৮ চনৰ হিচাপমতে অসমত চাহ খেতি কৰা মাটিৰ পৰিমাণ আছিল ২,১১,৩২৩ হেক্টৰ । বৰ্তমানে বিশ্বৰ চাহ উৎপাদনকাৰী ঠাইসমূহৰ ভিতৰত অসমৰ দ্বিতীয় স্থান বুলি জনা গৈছে । ভাৰতবৰ্ষই চাহ ৰপ্তানি কৰি বছৰত বহু পৰিমাণৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
দৰাচলতে চাহ খেতিৰ এটা বৃহৎ উদ্যোগ হিচাপে অভিহিত কৰিব পাৰি ; কিয়নো, ইয়াত এফালে যেনেকৈ বিভিন্ন ধৰনৰ কল - কাৰখানাৰ প্ৰয়োজন, আনহাতে তেনেকৈ এই কল - কাৰখানাবোৰ চলোৱাকে ধৰি চাহ ধৰি চাহ গছ বোৱাৰপৰা আৰম্ভ কৰি ইয়াৰ পাত তোলালৈকে বহুতো কৰ্মীৰ প্ৰয়োজন । ব্ৰিটিছসকলে অসমত চাহ খেতিৰ আৰম্ভণি কৰিবৰ সময়ত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বুজনসংখক বনুৱা অনিহে এই উদ্যোগ চলাবলৈ লৈছিল । ইয়াৰ ফলস্বৰূপে বিহাৰ, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, মধ্যপ্ৰদেশ, উৰিষ্যা আদি ৰাজ্যৰ লোক আহি অসম অসম ভৰি পৰিছিল । পৰবৰ্তী সময়ত চাহ খেতিৰ লগত জৰিত এই লোকসকলে অসমীয়া সকলৰ সৈতে মিলি গৈ বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঠনতো বৰঙণি যোগাইছিল । সেই দিশৰে অসমীয়া জাতি আৰু সংস্কৃতিৰ বুৰঞ্জীত চাহ শিল্পৰ বৰঙিনিও মন কৰিবলগীয়া ।
চাহ খেতি বা চাহ শিল্পৰ কাৰণে যথেষ্ট পৰিমাণৰ মাটিৰ প্ৰয়োজন হয় । একোখন চাহ বাগিচা ভালদৰে প্ৰস্তুত কৰি উলিয়াবৰ বাবে কমেও ১০০ হেক্ৰমান মাটিৰ প্ৰয়োজন হয় । চাহ খেতিৰ কাৰণে বৃহৎ পৰিমাণৰ মাটিৰ প্ৰয়োজনৰ উপৰিও যথেষ্ট পৰিমাণৰ মূলধনৰো প্ৰয়োজন । অসমত চাহ খেতিৰ আৰম্ভণিৰ সময়ত গুটি ৰুই পুলি তৈয়াৰ কৰি এই খেতি কৰা হৈছিল ; কিন্তু আজিকালি কলম ব্যৱহাৰ কৰিও এই খেতি কৰিবলৈ হৈছে । অসমত চাহ খেতিৰ উন্নতি সাধনৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে যোৰহাটৰ টোকোলাইত চাহ গৱেষণা কেন্দ্ৰ নামৰ এটা প্ৰতিষ্ঠানো স্থাপন কৰা হৈছে । এই গৱেষণা কেন্দ্ৰৰ পৰীক্ষা - নিৰীক্ষা সমূহ অতি উচ্চমানৰ বুলি জানিব পৰা গৈছে । এই গৱেষণা কেন্দ্ৰৰ দিহা - পৰামৰ্শৰে পৃথিৱীৰ আইন বহুতো দেশে চাহ উৎপাদনৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সমৰ্থ হৈছে বুলিও জানিব পৰা গৈছে । চাহ পাত বিভিন্ন প্ৰকাৰৰ পোৱা যায় আৰু চাহ পাতৰ গুণাগুণ অনুসৰি ইয়াৰ দামো ভিন ভিন হয় ।
চাহ খেতি আৰু চাহ শিল্পৰ লগত জৰিত এই সকলোবোৰ বিষয় বিবেচনা কৰিলে বৰ্তমানে ইয়াক এটা অতি লাভজনক উদ্যোগ বুলিয়েই কব লাগিব আৰু ভাৰত চৰকাৰে ইয়াৰপৰা যথেষ্ট লাভৱানো হৈছে । কিন্তু অধিক চাহ উৎপনকাৰী ঠাই হিচাপে অসমে ইয়াৰপৰা যি পৰিমাণে লাভৱান হব লাগছিল, সেই পৰিমাণে হব পৰা নাই সেই কথা ঠিক । বৰ্তমান চাহ শিল্পৰ সৈতে জৰিত কাৰ্যকৰী ব্যৱস্থাসমূহ অসমৰ সপক্ষে নোহোৱাৰ বাবেই অসম এই শিল্পৰপৰা হোৱা বুজন পৰিমাণৰ আয়ৰপৰা বঞ্চিত হৈ আহিছে ।
0 Comments