অসমৰ ৰাষ্ট্ৰীয় উদ্যান - কাজিৰঙা                                           

KAZIRANGA NATIONAL PARK অসমৰ ৰাষ্ট্ৰীয় উদ্যান - কাজিৰঙা

KAZIRANGA NATIONAL PARK


বৰ্তমান জগতত মানুহৰ সংখ্যা বৃদ্ধি হৈ অহাৰ লগে লগে মানুহে নিজৰ প্ৰয়োজন অনুসৰি জীৱ - জন্তু আৰু অৰণ্যঞ্চল ধ্বংস কাৰ্যত লিপ্ত হৈ আহিছে  ।  ইয়াৰ ফলস্বৰূপে প্ৰাকৃতিক সম্পদ বিনষ্ট হোৱাৰ লগে লগে বহুক্ষেত্ৰত প্ৰাকৃতিক সৌন্দৰ্যৰো হানি - বাঘিনি হৈ অহা দেখা গৈছে  ।  অবাধে বিচৰণ কৰি অহা আপুৰুগীয়া বনৰীয়া জীৱ - জন্তুবোৰৰ ৰক্ষণাবেক্ষণ কৰা আৰু লগতে বনাঞ্চলসমূহৰ সংৰক্ষণৰ যোগেদি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাটো সেয়ে বৰ্তমানৰ বিশ্বৰ লোকসকলৰ বাবে এটা আৱশ্যকীয়  কৰ্তব্য  হৈ  পৰিছে  ।  ইয়াৰ বাবে বিভিন্ন দেশৰ চৰকাৰবোৰে বেলেগ বেলেগ ব্যৱস্থা গ্ৰহণ কৰিছে  আৰু  সেই ব্যৱস্থাসমূহৰ ভিতৰত কিছুমান বনাঞ্চলক ৰাষ্ট্ৰীয় হিচাপে ঘোষণা কৰাটোও উল্লেখযোগ্য  ।  এই ব্যৱস্থাৰ সৈতে সংগতি ৰাখি অসমৰ কাজিৰঙা অৰন্যঞ্চলকো চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে  ।

             অসমৰ বৃহৎ উদ্যান আৰু অভয়াৰণ্য হিচাপে পৰিগণিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কাৰ্বি আংলং জিলাৰ পাদদেশত অৱস্থিত আৰু বৰ্তমানে ইয়াৰ মাটিকালি প্ৰায় ৪২৫ বৰ্গ কিঃমিঃ ।  এই উদ্যানখনে অসমৰ গোলাঘাট আৰু নগাঁও জিলাৰ কিছু অংশ সামৰি লৈছে  ।  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূবে বোকাখাট, পশ্চিমে বুঢ়াপাহাৰ, উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে কাৰ্বি আংলং জিলা  ।  অসমৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটোৱে কাজিৰঙা বনাঞ্চলক চুই আছে  ।  কাজিৰঙা নামৰ এই বৃহৎ হাবিখনে ব্ৰিটিছৰ দিনতে শাসকসকলৰ মনোযোগ আকৰ্ষণ কৰে । ১৯০৮ চনতে তেখেতে কাজিৰঙাক সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰে ।  পৰ্যায়ক্ৰমে ইয়াক অভয়াৰণ্য হিচাপে আৰু পিছত ১৯৬৯ চনৰপৰা আইনৰ যোগেদি চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে  ।

              কাজিৰঙা বনাঞ্চলৰ বিস্তীৰ্ণ এলেকা ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঢ়ি উঠিছে  ।  উদ্যানখনৰ মাজেৰে ডিলফু আৰু ভেংৰা নৈ দুখন বৈ যোৱাৰ উপৰি কাৰ্বি আংলং জিলাৰ পাহৰাৰপৰাও আন কিছুমান সৰু সৰু জান - জুৰি আদি এই বনাঞ্চলত আহি সোমাইছে  ।  বহুতো সৰু - বৰ বিল আৰু জলাশয়েৰেও এই উদ্যানখন পৰিপুষ্ট  ।  উদ্যানখনৰ মাজে মাজে যিবোৰ কিছু ওখ ঠাই আছে সেইবোৰ সৰু সৰু ঘাঁহ - বন, গছ - গছনি আদিৰে ভৰপূৰ ।

          কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিভিন্ন ধৰণৰ জীৱ - জন্তু, চৰাই - চিৰিকতি আদিৰেও পৰিপূৰ্ণ  ।  জীৱ - জন্তুৰ ভিতৰত এশিঙীয়া গঁড়েই‌ এই উদ্যানৰ প্ৰধান আকৰ্ষণীয় জন্তু হলেও অনান্য বিধৰ জন্তুও ইয়াত দেখিবলৈ পোৱা যায় ।  সেইবোৰৰ ভিতৰত হাতী, বাঘ, গাহৰি, মহ, হৰিণা, মেথোন, কেঁটেলাপহু, বনমেকুৰী, জাতি - বান্দৰ, হলৌ - বান্দৰ, টুপীয়া-বান্দৰ, আদি উল্লেখযোগ্য  ।  অসম চৰকাৰৰ বন বিভাগে ১৯৬৬ চনৰপৰা এই উদ্যোগখনৰ বন্য - জন্তু গণনা কৰি আহিছে  ।  প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে বনৰীয়া জন্তুবোৰ গণনাকাৰ্য কৰা হয়  ।  কাজিৰঙা উদ্যানৰ অন্তগৰ্ত জলাশয় বোৰত বিভিন্ন জলচৰ প্ৰাণীৰ উপৰি জলচৰ পক্ষীও পোৱা যায়  ।  ইয়াত পোৱা জলচৰ পক্ষী বোৰৰ ভিতৰত বনৰীয়া হাঁহ, ৰাজহাঁহ, বৰটোকোলা, তেলীয়া - সাৰেং, শৰালি, চাকৈ - চকোৱা, পানীকাউৰী, চিলনী, মাছৰোকা, ডাউক, বগলী, দৈকলা, বালিঘোঁৰা, গঙাচিলনী আদিয়েই মন কৰিবলগীয়া ।  ইয়াত দেখা পোৱা অনান্য স্থলচৰ পক্ষী বোৰ হৈছে  বাঢ়ৈটোকা, হাইঠা, মইনা, ভাটৌ, কেতেকী, হেতুলুকা, ফেচুঁলুকা, মৌপিয়া আদি  ।  সময়ে সময়ে প্ৰব্ৰজনকাৰী চৰাই কিছুমানৰ উপস্থিতিয়েও কাজিৰঙাৰ বিল - জলাশয়  আদি  মুখৰিত  কৰি  তোলে ।

            অসমৰ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা এইদৰে বিভিন্ন প্ৰকাৰৰ জীৱ - জন্তু আৰু চৰাই - চিৰিকতিৰ বিচৰণভূমি আৰু সেই হিচাপে এই ৰাষ্ট্ৰীয় উদ্যানখন অসম তথা ভাৰতৰ অনান্য ঠাইৰ ভ্ৰমণকাৰীৰ বাবে এক আকৰ্ষণীয় স্থল বুলি কব পাৰি ; কিয়নো, বছৰৰ বিভিন্ন সময়ত এই উদ্যান পৰ্যটকেৰে ‌ভৰি থাকে  ।ইয়াৰ উপৰি প্ৰাণী বিশেষজ্ঞসকলেও তেওঁলোকৰ গৱেষণা বা অধ্যয়নৰ কাম - কাজ আদি সম্পৰ্কতো এই ৰাষ্ট্ৰীয় উদ্যানখনৰ পিনে ঢাপলি মেলি আহিবলগীয়া হয়  ।

             অসমৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা এইদৰে এহাতে যেনেকৈ বন্যপ্ৰাণীবোৰ অবাধ বিচৰণস্হলী, আনহাতে দেশ - বিদেশৰ পৰ্যটকসকলৰ বাবেও আনন্দ আৰু মনোৰঞ্জনৰ এক প্ৰধান উৎস   । বৰ্তমানৰ কৰ্মব্যস্ত মানুহে কেতিয়াবা কেতিয়াবা অৱসৰ - বিনোদন কৰিবলৈ কাজিৰঙালৈ যায় আৰু উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্যত আত্মহাৰা হোৱাৰ লগতে তাৰ জীৱ - জন্তুৰ সৈতেও অন্তৰঙ্গতা স্থাপন কৰে  ।  সেয়ে এই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য যাতে বিনষ্ট নহয়, তাৰ জীৱ - জন্তবৰও যাতে ভালকে থাকিব পাৰে, এইবোৰ বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজ আৰু চৰকাৰ উভয়ে সচেতন হোৱাটো বাঞ্চনীয়  ।  তেনে কৰিলেহে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণ আগলৈকো হৈ থাকিব ।